"উইকিপিডিয়া:আমাদের সাথে যোগাযোগ" পাতাটির দুইটি সংশোধিত সংস্করণের মধ্যে পার্থক্য

Reverted 1 edit by Lutfursaikia (talk) identified as vandalism to last revision by Chzz. (TW)
(আনুবংশিক বিজ্ঞান বা বংশগতি বিজ্ঞান)
(Reverted 1 edit by Lutfursaikia (talk) identified as vandalism to last revision by Chzz. (TW))
{{PGen}}
বংশগতি আৰু প্রকাৰণ (Heredity and Variation)
সাধাৰণতে দেখা যায় যে একেটা প্রজাতিৰ ব্যক্তিপ্রাণীবিলাক দেখাত প্রায় একে ৰধণৰ হয়। ঘোঁৰা এটাই অন্য এটা ঘোৰাৰ লগত সাদৃশ্য দেখুৱাই আৰু এডাল গোলাপ ফুলৰ গছে অন্য এডাল গোলাপ ফুলৰ লগত লগত সাদৃশ্য দেখুৱাই। এয়া এক প্রাকৃতিক ঘটনা কিয়নো ঘোঁৰাইহে ঘোঁৰাৰ জন্ম দিব পাৰে আৰু গোলাপ ফুলৰ গছৰ পৰাহে গোলাপ ফুলৰ গছ সৃষ্টি হয়। মানুহৰ সন্তানবোৰে মাক দেউতাৰ লগত সাদৃশ্য দেখুৱায়। আনকি সন্তানবোৰে ককাডেউতা বা আইতাকৰ লগতো সাদৃশ্য দেখুৱায়। সদ্যজাত কেছুৱা এটি লক্ষ্য কৰি বয়োজেষ্ঠ সকলে মন্তব্য কৰা শুণা যায় যে নাকতো দেউতাকৰ নিচিনা নাইবা মাকৰ নিচিনা নাইবা ককাডেউতাকৰ নিচিনা ইত্যাদি ইত্যাদি। এয়া হ’ল জীৱনৰ ধাৰাবাহিকতা। একেটা প্রজাতিৰ দুটা জীৱ কাচ্যিতহে অৱিকল একে। ইয়াকে কোৱা হয় একযোজনকোষী যজম (Monozygotic twin)। ইয়াৰ বাহিৰে একেটা প্রজাতিৰ দুটা জীৱৰ মাজত অলপ হলেও পার্থক্য থাকিবই। একেটা প্রজাতিৰ ব্যক্তিপ্রাণীবোৰৰ জীৱনৰ ধাৰাবাহিকতা অক্ষূন্ন থাকে প্রজনননৰ দ্বাৰা। প্রজননৰ ফলত মাক ডেউতাকৰ চৰিত্ৰসমূহ সন্তানলৈ প্রৱাহিত হয়। প্রৱাহিত হোৱাৰ কিছুমান কার্য পদ্ধতি আছে।
বংশগতি (Heredity): যি পদ্ধতিত পিতা-মাতাৰ লক্ষন সমূহ সন্তান-সন্ততিলৈ নাইবা এটা জনুৰ পৰা আনটো জনুলৈ প্রৱাহিত হয় তাকে বংশগতি বোলা হয়।
প্রকাৰণ (Variation): কোনো দুটা ব্যক্তি কেতিয়াও একে ধৰণৰ নহয়। আনকি যজম সন্তানৰ মাজতো কিছু হলেও পার্থক্য থাকে। একেটা প্রজাতিৰ অন্তর্গত প্রাণীবোৰৰ মাজত থকা এনেকুৱা বৈসাদৃশ্যকে প্রকাৰণ বোলা হয়।
আনুবংশিক বিজ্ঞান বা বংশগতি বিজ্ঞান (Genetics): বিজ্ঞানৰ যিতো শাখাত বংশগতিৰ কার্যপদ্ধতি আৰু প্রকাৰণৰ কার্যপদ্ধতিৰ বিষয়ে আলোছনা কৰা হয় তাকে বংশগতি বিজ্ঞান বা আণুবংশিক বিজ্ঞান বোলা হয়।
গ্রেগৰ জ’হান মেণ্ডেল - বংশগতি বিদ্যাৰ জনক (Gregor Johann Mendel- Father of Genetics):
গ্রেগৰ জ’হান মেণ্ডেলৰ জন্ম হৈছিল 1822 খৃষ্টাব্দত মোৰাভিয়াৰ ছিলিছিয়ান (Silisian) গাঁওৰ এটি দুখীয়া পৰিয়ালত। 18 বছৰ বয়সতে হাইস্কুল শিক্ষা সমাপ্ত কৰি আর্থিক দুর্বলতাৰ কাৰণে 1843 খৃষ্টাব্দত তেঁখেতে ব্রুন’ৰ (Bruno) ছেন্ট থমাছ চার্চত ধর্মজাযকৰ কামত যোগ দিছিল। 1851 খৃষ্টাব্দত মেণ্ডেলে ভিয়েনা বিশ্ববিদ্যালয়লৈ গৈ অংকশাস্ত্ৰ, পদার্থবিজ্ঞান আৰু প্রাকৃতিক বিজ্ঞান অধ্যয়ন কৰে। এখেতে ইয়াত দুবছৰ অধ্যয়ন কৰি পুনৰ ভিয়েনালৈ উভতি আহি চার্চত যোগদান কৰে। ভিয়েনাত থকা অৱস্থাতে মেণ্ডেল উদ্ভিদবিজ্ঞানী গিয়ার্টনাৰৰ Geartner) উদ্ভিদৰ সংকৰণ পৰীক্ষাবোৰৰ প্রতি আকৃষ্ট হৈছিল। ব্রুন’ত এখেঁতে স্কুল এখনত পদার্থ বিজ্ঞান আৰু প্রাকৃতিক বিজ্ঞানৰ শিক্ষক হিচাপেও কাম কৰিছিল। এই সময়চোৱাতে (1856 ৰ পৰা 1865 লৈ) এখেঁতে গীর্জাৰ বাগিছাতে মটৰ মাহৰ ওপৰত সংকৰণৰ পৰীক্ষাবোৰ চলাই অভূতপূর্ব সাফল্য অর্জন কৰিছিল। 1866 খৃষ্টাব্দত তেখেঁতৰ সংকৰণৰ পৰীক্ষাবোৰৰ ফলাফলবোৰ ব্রুন’ৰ নেছাৰেল হিষ্ট্রি ছ’চাইটিৰ বছৰেকীয়া প্রতিবেদনত (Annual Proceeding of the Natural History society) প্রকাশ কৰিছিল। তেখেঁতৰ সম সাময়িক বিজ্ঞানীসকলে মেণ্ডেলৰ পৰীক্ষাবোৰৰ গূঢ়ার্থ বুজিব পৰা নাছিল হেতুকে সেই সময়ত মেণ্ডেলৰ আৱিস্কাৰ সমূহে সমিদাৰ লাভ কৰা নাছিল। 1900 খৃষ্টাব্দত হলেণ্ডৰ ডি ভ্ৰাইছ (De Vries), জার্মানীৰ কৰেন্স (Correns), আৰু অষ্ট্রিয়াৰ ছাৰমার্কে (Tschermark) মেণ্ডেলৰ আৱিস্কাৰ সমূহৰ সত্যতা উপলব্ধি কৰি ইয়াৰ গুৰুত্ব সমূহ পুনৰ উত্থাপন কৰে। মেণ্ডেলৰ বংশগতিৰ সূত্ৰবোৰ হ’ল আধুনিক বংশগতি বিজ্ঞানৰ ভেটি আৰু সেয়েহে মেণ্ডেলক বংশগতি বিজ্ঞানৰ জনক বুলি কোৱা হয়।
 
<!--
১০,০২৯টি

সম্পাদনা